পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বিষহৰিৰ জন্ম
 

অষ্ট নাগৰ দিবা ঘট  যেন ধৰি থাকে ফেট
 আৰু নাগৰ দিশাতত আসন।
হংস ছাগল ভেৰা  বলি দিবা মহিষ পাৰা
 বিস্তৰ দিবা অগুৰু চন্দন।।
তিল চাউল পদ্ম পাতে  হংস ডিম্ব দিবা তাতে
 জয়ধ্বনি আচাৰ মঙ্গল।
ইক্ষু আখৈ নাৰিকল  দধি দুগ্ধ মধু জল
 ধূপ দীপ পুষ্প পূৰ্ণ ফল।।
কথা শুনি আনন্দিত  পূজে পদ্মা হৰষিত
 পদ্মাৱতীক কৰে নমস্কাৰ।
মালতী আনন্দ চিত্ত  পূজা হৈলা বিদিত
 হৈলা পূজা জগতে প্ৰচাৰ।।
পূজা খাইয়া পদ্মাৱতী  মালতীৰ সাধি প্ৰীতি
 প্ৰৱেশিলা কৰণ্ডীৰ ভিতৰে।
নাৰায়ণ দেৱে গায়  সুকবি বল্লভে হয়
 প্ৰথম পূজা মালতীৰ ঘৰে।।

 -দয়াৰ কালীয়া হেৰ মোৰে জীৱন ধন।।
 হৰষিত পদ্মাৱতী মালতী পূজা খাইয়া।

কুমাৰী লইয়া শিৰে কৈলাসক যাইয়া।।
গঙ্গা দুৰ্গাক দেখিয়া ভোলা মহেশ্বৰে।
লুকাইয়া থৈলা নিয়া হিঙ্গুলানীৰ ঘৰে।।
কৰণ্ডি সহিতে শিবে থৈলেক আলাইয়া।
বাহিৰে থৈলেক শিবে কপট মাৰিয়া।।