পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২
বিষহৰিৰ জন্ম
 

শিবে বোলে গঙ্গা দুৰ্গা মোৰ মাথা খাস।
কপট মেলিয়া যদি কৰণ্ডীক চাস।।
এহি বুলি শিবে যাই পাতিলা যোগ ধ্যান।
চতুৰ্দ্দিশে বেঢ়ি বৈসে ভূত প্ৰেতগণ।।
নাৰদ বোলে মই বসি থাকো কেনে।
ঘোৰ দ্বন্দ্ব লগাও আজি চণ্ডী পদ্মাৰ সনে।।
এহি বুলি সত্বৰে চালিলা মুনিবৰ।
কহিতে লাগিলা মুনি চণ্ডীৰ গোচৰ।।
নাৰদ বোলে শুনা মামী তোমাৰ নিস্ফল জীৱন।
নিশ্চিন্তে বসিয়া তুমি আছা কি কাৰণ।।
এক কন্যা আনি আছে দেৱ মহেশ্বৰে।
লুকাইয়া থৈ আছে হিঙ্গুলানীৰ ঘৰে।।
তাহাৰ ৰূপৰ কলা মামী তোমাৰ গাৱে নাই।
তাক বিয়া কৰাইবাৰে আনিলা মোমাই।।
ভুৱন মোহিতে পাৰে হেন ৰূপৱতী।।
বৰণ্ডী ভিতৰে আছে নাম পদ্মাৱতী।
কুপিত হৈলেক চণ্ডী নাৰদৰ বচনে।
লাঠি মাৰি কপট ভাঙ্গিলা তেতিক্ষণ।।
গঙ্গা দুৰ্গা দুয়োজনী এক মতি কৰি।
কৰণ্ডী খলাই দুয়ো ধৰাধৰি কৰি।।
পৰম সুন্দৰী দেখে কৰণ্ডী ভিতৰে।
থাম্প মাৰি ধৰে পদ্মাৰ চুলৰ উপৰে।।
নামাৰা মাইৰে মাই বৰ দুঃখ পাই।
তুমি মোৰ সতাই মাই কহিলো নিশ্চয়।।