পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
বিষহৰিৰ জন্ম
 

দয়াৰ শাশুৰী তুমি কহো তোমাৰ ঠাই।
তুমি আগে আমি পাছে ঘৰে চলি যাই।।
মালতী বোলয় আই হেন বোলা কেনে।
মনুষ্যে দেৱতা আই চিনিবো কেমনে।।
দুৰ্গতি খণ্ডাহ মাত পুত্ৰ জীয়াইয়া।
কিমতে পৃজিবো আই কহা বিস্তাৰিয়া।।
পদ্মা বোলে যদি লাগে পুত্ৰ জীয়াবাৰে।
এক লক্ষ বলি দিয়া পূজিবা আমাৰে।।
বিষহৰি অৱতাৰ কহিলো তোমাৰ ঠাই।
ধনে জনে বাঢ়ে যিটো আমাক পূজয়।।
মালতী বোলে দিয়া আই পুত্ৰ জীয়াইয়া।
এক লক্ষ বলি লোৱা মণ্ডপে বসিয়া।।
এত শুনি পদ্মাৱতীৰ আনন্দিত মন।
অমৃত নয়নে পদ্মাই জীয়াইলা তেখন।।
অমৃত চক্ষে পদ্মাৱতী বাছাৰ দিকে চাইলা।
নিদ্ৰাৰ জাগিয়া যেন উঠিয়া বসিলা।।
মায়ে পুত্ৰে প্ৰণামিলা পদ্মাৰ চৰণ।
আশীৰ্ব্বাদ দিলা পদ্মা যত লয় মন।।
নাৰায়ণ দেৱে গায় ৰাম নাৰায়ণ।
মালতীৰ আগে কহে পূজাৰ বিৱৰণ।।

 দিহা-মালতীৰ আগে কহে দেবী পুজাৰ বিধান
 হৰিষে বোলয় পদ্মাৱতী।

মোৰ জন্ম পাতালপুৰে প্ৰথম পূজা তোৰ ঘৰে
 সাৱধানে পূজিয়ো মালতী।।