পৃষ্ঠা:বিষহৰিৰ জন্ম.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিষহৰিৰ জন্ম

নিৰঞ্জন ভাবি শিবে আছে যোগ ধ্যানে।
বাছায় যতেক বোলে নাহি শুনে কানে।।
বাছায় বোলে শুনা কন্যা বচন আমাৰ।
বুড়াৰ সঙ্গতি এৰি আহা আমাৰ ঘৰ।।
আমি সুন্দৰ পুৰুষ কহো তোমাৰ ঠাই।
ইচ্ছা পৰোৰ বেটা আমি হালুয়া বাছাই।।
এহি বুলি লাহে লাহে চাপিলা ওচৰ।
সাক্ষী কৰে পদ্মাৱতী দেৱ নিৰন্তৰ।।
কোপ কৰি পদ্মাৱতী বিষ চক্ষে চাইলা।
উত্তৰ শিয়ৰে বাছায় ধলিয়া পৰিলা।।
ৰাখোৱালে বাত্ৰা দিলা মালতীৰ ঠাই।
পথে পাৰ মৰি আছে হালুয়া বাছাই।।
বাত্ৰা পাই মালতী উঠিয়া দিলা লৰ।
চুলি নাবান্ধে বুড়ী নিপিন্ধে কাপোৰ।।
পুত্ৰ পুত্ৰ বুলি কান্দি লৰ দিয়া যাই।
মৰি পৰি আছে পুত্ৰ দেখিবাৰে পাই।।
পৰম সুন্দৰী দেখে বৃষভৰ উপৰে।
কান্দি কান্দি মালতী লাগিলা বুলিবাৰে।।
কোন দেৱ হোৱা মাতা কাহাৰ কুমাৰী।
মোৰ পুত্ৰ কেনে মৰে কহা সত্য কৰি।।
পদ্মা বোলে শাশু তুমি কান্দা কি লাগিয়া।
তোৰ পুত্ৰ মৰি গৈলা মোক কৰাই বিয়া।।
তুমিতো আমাৰ শাশু নিচিনা আমাৰে।
জাগাইয়া তোলা পুত্ৰ চলি যাওঁ ঘৰে।।