পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪২)

তেওঁবিলাকে ক্ষন্তেকীয়া বিশৃঙ্খলাৰে সেই স্বাভাবিক শৃঙ্খলাতাক অতি সুমুধুৰ কৰিছিল।

 ধৰ্ম্ম সমন্বয়ৰ সাধাৰণ ভিত্তি ভূমিৰ সম্বন্ধে অনেক কথা কোৱা হ’ল। মই এতিয়া সেই বিষয়ে নিজমত প্ৰকাশ কৰিব খোজা নাই, কিন্তু যদি কোনোবাই এনেকুৱা আশা কৰে যে সেই সমন্বয়ে এই সকলো বিভিন্ন ধৰ্ম্ম সমূহৰ মাজত এটিৰ অভ্যুদয় আৰু আনবিলাকৰ বিনাশ কৰি নিজৰ কাৰ্য্য সাধন কৰিব, তেনেহলে মই তেওঁবিলাকক কওঁ “ভাইসকল! তোমালোকৰ আশা কেতিয়াও ফলৱতী হব নোৱাৰে।” মই ইচ্ছা কৰিছোঁ নেকি যে খৃষ্টানবিলাক হিন্দু হওক? ঈশ্বৰে যেন সেইটো নকৰায়। মই ইচ্ছা কৰিছোঁ নে কি যে যেই সেই হিন্দুৱে বা বৌদ্ধই খৃষ্ট-ধৰ্ম্ম লওক? ঈশ্বৰে যেন সেইটো নকৰায়।

 গুটি মাটিত পচোৱা হ'ল। মাটি, জল, বায়ু তাৰ চাৰিও ফালে আছে। সেই গুটিটো মাটি বা পানী নাইবা বতাহ কিবা এটা হব নে কি? সেই গুটিৰ পৰা একোজোপা সৰু সৰু গছ গজিব। আৰু কালত মাটি, পানী আৰু বতাহৰ পৰা নিজৰ আহাৰ টানি ক্ৰমান্বয়ে নিজৰ স্বাভাৱিক নিয়মানুসাৰে শেষত একোজোপা ডাঙ্গৰ গছ হব।

 ধৰ্ম্ম সম্বন্ধেও সেই একে কথাই। খৃষ্টানে হিন্দু বা বৌদ্ধ হব নালাগে; হিন্দু বা বৌদ্ধয়ো খৃষ্টান হব নালাগে। কিন্তু প্ৰত্যেক ধৰ্ম্মই অইন ধৰ্ম্মৰ সাৰ ভাৱবিলাক গ্ৰহণ কৰি তাৰে সৈতে পুষ্টহৈ বিশেষত্ব ৰক্ষা কৰি নিজে আগবঢ়াটোহে যুগুত।