যদি এই সৰ্বধৰ্ম্ম মহাসভাই জগতত কিবা নতুন কথা দেখুৱাব খুজিছে তেনেহলে সেই কথা এয়ে। এই সভাই এই কথা ভালকৈ প্ৰমাণ কৰি দেখুৱাইছে। জগতত যি পৱিত্ৰতা, চিত্তশুদ্ধি আৰু দয়া দাক্ষিণ্য এইবিলাক কোনো ধৰ্ম্মৰে বাপতীয়া সাহোন নহয়; আৰু প্ৰত্যেক ধৰ্ম্মতে অতি মহানুভৱ উদাৰ নৰ-নাৰী আছে।
এইবিলাক প্ৰত্যক্ষ প্ৰমাণ দেখুৱা স্বত্ত্বেও যদি কোনোবাই এনেকুৱা কথা ভাবে যে তেওঁৰ ধৰ্ম্মই সকলো ধৰ্ম্মক বিনাশ কৰি নিজে জয়ী হওক—তেন্তে বাস্তৱিকতে তেওঁক পুতৌ কৰিব লগীয়া, আৰু সেই কাৰণে মই অতি দুঃখিত। তেওঁক মই ফট্-ফটীয়াকৈ দেখুৱাই কওঁ যে তেওঁবিলাকৰ বাধা বিঘিনি সকলোেবোৰ অতিক্ৰম কৰি সকলো ধৰ্ম্মধ্বজাত এই কথা জল্ জল্ পট্ পট্কৈ ওলাই থাকিব যে “বিবাদ নকৰিবা, পৰস্পৰে পৰস্পৰক সহায় কৰা, আৰু পৰস্পৰে পৰস্পৰক ধ্বংস কৰিবলৈ চেষ্টা নকৰি পৰস্পৰে পৰম্পৰৰ ভাৱ গ্ৰহণ কৰি পালন কৰা। কাজিয়া, বিবাদ এৰি সকলোৱে মিত্ৰভাৱেৰে আকোৱালি ধৰি শান্তিৰ আশ্ৰয় লোৱাঁ।