পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তদশ (শেষ) দিনৰ অধিবেশন।
( ২৭ চেপ্তেম্বৰ)
বিদায়।

 জগতত সৰ্বধৰ্ম্ম মহাসমিতিৰ সম্ভৱ হবৰ পৰা আজি সৰ্ব্বতোভাৱে সত্য বুলি নিৰ্ধাৰিত হ’ল; যি সকলে এই মহাসভা গঠনৰ নিমিত্তে যি বিশেষ পৰিশ্ৰম কৰিছিল, পৰম কৰুণাময় সৰ্ব্বপিতা পৰমেশ্বৰে তেওঁবিলাকক সহায় কৰিছে আৰু তেওঁ বিলাকৰ নিঃস্বাৰ্থ পৰিশ্ৰমৰ যথোচিত ফল দিছে।

 যি সকলৰ প্ৰশস্ত হৃদয়ে আৰু সত্যানুৰাগে এই স্বপ্নৰ নিচিনা কাৰ্যত প্ৰথমতে কল্পনা কৰি শেষত কাৰ্যত পৰিণত কৰিলে সেই মহানুভৱ সকলক মই সৰল অন্তঃকৰণেৰে সৈতে ধন্যবাদ জনাইছোঁ। এই সভামণ্ডক যি উদাৰ ভাৱ সমূহে দেখুৱাইছে সেই ভাৱ সমূহৰ প্ৰতিও মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ! এই উদাৰ ও বিজ্ঞমণ্ডলীয়ে মোৰ প্ৰতি সমভাৱে যি দয়া প্ৰকাশ কৰিছিল, আৰু যি ভাৱবিলাকৰ দ্বাৰা ধৰ্ম্ম সমূহৰ পৰস্পৰৰ বিবাদ কমি যায়, যি সকলে সেই বিলাক ভাৱ অনুমোদন কৰিছে, সেই সকলকো মই মোৰ ধন্যবাদ জনাইছোঁ। এই মধুৰ স্বৰাবলিৰ মাজত মাজে মাজে দুটা এটা বেসুৰীয়া মাত শুনা গৈছিল। যি সকলে তেনেকুৱা বিশৃঙ্খলা উৎপাদন কৰিছে, তেওঁবিলাকক মই বিশেষকৈ ধন্যবাদ দিওঁ, কাৰণ