পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকলোৰে প্ৰতি বিশেষকৈ অজ্ঞান আৰু দৰিদ্ৰবিলাকৰ প্ৰতি সহানুভূতি দেখুৱাতেই তেওঁৰ গৌৰব। অনেক ব্ৰাহ্মণ তেওঁৰ শিষ্য আছিল। যি সময়ত বুদ্ধদেৱে নিজ ধৰ্ম প্ৰচাৰ কৰিছিল সেই সময়ত সংস্কৃত-ভাষা ভাৰতবৰ্ষত কথিত নাছিল।

 সেই সময়ত সংস্কৃত-ভাষা অকল পণ্ডিতসকলৰ কিতাপতহে পোৱা গৈছিল। বুদ্ধদেৱৰ কেইজনমান ব্ৰাহ্মণ শিষ্যই তেওঁৰ উপদেশবিলাক সংস্কৃতলৈ অনুবাদ কৰিব খোজাত তেওঁ শিষ্যবিলাকক স্পষ্টকৈ কৈছিল-“মই দৰিদ্ৰ আৰু জনসাধাৰণৰ নিমিত্তেহে আহিছোঁ। মই চলিত ভাষাতহে ধৰ্ম প্ৰচাৰ কৰিম।” গতিকে আজিলৈকে তেওঁৰ উপদেশবিলাক সেই সময়ৰ চলিত ভাষাতে আছে।

 দৰ্শন শাস্ত্ৰই যিমানেই কি উচ্চাসন অধিকাৰ কৰক আৰু যিহকেই কওক, যিমান দিনলৈকে জগতত মৃত্যু বুলি ঘটনা থাকিব, আৰু যিমান দিনলৈকে মানুহৰ হৃদয়ত দুৰ্বলতা বুলি কোনো ভাৱ থাকিব, যিমান দিন মানুহে নিজৰ দুৰ্বলতা উপলদ্ধি কৰি হৃদয়ৰ মৰ্ম্মস্থলিৰ পৰা কান্দোনৰ ধ্বনি তুলিব সিমান দিনলৈকে ঈশ্বৰত বিশ্বাস থাকিব। দৰ্শন শাস্ত্ৰৰ ফালৰ পৰা চাবলৈ গ'লে, সেই লোকগুৰু বুদ্ধদেৱৰ শিষ্যবিলাকে বেদৰূপ সনাতন পৰ্ব্বতত খুন্দা মাৰিলেহি; কিন্তু একোকে কৰিব নোৱাৰিলে। আনফালে চাবলৈ হ'লে তেওঁবিলাকে সকলো নৰ-নাৰীয়ে ভাল পোৱা সেই সনাতন পুৰুষক তেওঁ বিলাকৰ বুকুৰ পৰা অপহৰণ কৰি নিলে। ফলত ভাৰতবৰ্ষত