সেই ধৰ্ম্মৰ মৃত্যুৱেই স্বাভাৱিক হ’ল। আৰু বৰ্তমান কালত ভাৰতত এনেকুৱা এজন মতা নাইবা তিৰোতা নাই যি নিজক বৌদ্ধ বুলি পৰিচয় দিব।
আৰু আন ফালৰ পৰা চাবলৈ হলে ইয়াৰ পৰা হিন্দু ধৰ্ম্মৰো বহুত ক্ষতি হ’ল। সমাজ সংস্কাৰৰ কাৰণে অপূৰ্ব আগ্ৰহ, সকলোৰে প্ৰতি সেই অপূৰ্ব্ব সহানুভূতি আৰু দয়া, সেই সৰ্ব্ব সাধাৰণৰ ভিতৰত পাৰ্থক্যতাৰ ভাৱ গুচাই দিয়া বৌদ্ধ-ধৰ্ম্মই যি উন্নতিৰ সোঁত বোৱাই দিছিল—যি সেঁতে ভাৰতৱৰ্ষৰ সমাজক ইমান দূৰ মহান আৰু উদাৰ কৰিছিল যে, সেই সময়ৰ এজন গ্ৰীচ দেশীয় বুৰঞ্জী লিখকে এই দৰে লিখি গৈছে যে—ভাৰতবৰ্ষৰ হিন্দুৱে মিছা কথা নকয় আৰু এজনীও হিন্দু-ৰমণী অসতী নহয়। বৌদ্ধ-ধৰ্ম্মৰ মৃত্যুৰ পিছত হিন্দুবিলাকে সেই আটাইবিলাক হেৰুৱালে।
হিন্দুধৰ্ম নোহোৱাকৈও বৌদ্ধ-ধৰ্ম্ম থাকিব নোৱাৰে আৰু বৌদ্ধ-ধৰ্ম্ম নোহোৱাকৈও হিন্দু-ধৰ্ম্ম থাকিব নোৱাৰে। তেনে হলে এইটো ভালকৈ উপলদ্ধি কৰা-যে আমাৰ দুয়োৰে ভিতৰত যি অসম্মিলন হৈছে তাৰ পৰা ভালকৈ বুজিব পাৰি যে তোমালোকেও আমাৰ ব্ৰাহ্মণ সকলৰ ধী শক্তি আৰু দৰ্শন শাস্ত্ৰ নোহোৱাকৈ দৃঢ়তা নোপোৱা, আমিও তোমালোকৰ উদাৰ মন নাপালে উন্নতি কৰিব নোৱাৰোঁ। বৌদ্ধ আৰু ব্ৰাহ্মণৰ ভিতৰত পৰম্পৰ বিদ্বেষ ভাৱ হোৱাই ভাৰতবৰ্ষৰ অৱনতিৰ মূল কাৰণ। সেই কাৰণে আজি ভাৰতত ত্ৰিশ কোটী ভিখাৰীৰ