পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৪৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৈতে বুদ্ধদেৱৰ যথাৰ্থ শিক্ষাৰ পাৰ্থক্য মই প্ৰধানতে ইয়াকে দেখুৱাব খোজোঁ, শাক্য-মুনিয়ে কোনো নতুন মত প্ৰচাৰ কৰিবলৈ অহা নাই। যীশুৰ নিচিনাকৈ তেৱোঁ পূৰ্ণ কৰিবলৈহে আহিছিল, ধ্বংস কৰিবলৈ অহা নাই। প্ৰভেদ এয়ে যে যেনেকৈ ইহুদীবিলাকে প্ৰাচীন ধৰ্ম্ম-পুস্তকৰ পূৰ্ণতা উপলদ্ধি কৰিব নোৱাৰিলে, সেইদৰে বুদ্ধদেৱৰ শিষ্যবিলাকে বৌদ্ধধৰ্ম্ম যে হিন্দুধৰ্ম্মৰ সত্যবিলাকৰে পৰিণতি তাকো বুজিব পৰা নাই। মই আকৌ কৈছোঁ শাক্য-মুনিয়ে পূৰ্ণ কৰিবলৈহে আহিছিল-ধ্বংস কৰিবলৈ অহা নাই। হিন্দুধৰ্ম্মৰ স্বাভাৱিক পৰিণতি—স্বাভাৱিক বিকাশ হলে যি হয় তেওঁ তাকেই দেখুৱাই গৈছে।

 হিন্দু-ধৰ্ম্ম দুইভাগে বিভক্ত হৈছে—কৰ্ম্মকাণ্ড আৰু জ্ঞানকাণ্ড। সন্ন্যাসীসকলেই জ্ঞানকাণ্ডৰ আলোচনা কৰে; আৰু জ্ঞানকাণ্ডত জাতিভেদ নাই। অতি উচ্চ বৰ্ণৰ লোকৰ সন্যাসত যি অধিকাৰ, অতি হীন জাতিৰ মানুহৰৰ সেই একে অধিকাৰ সন্ন্যাস হলে দুয়ো সমান। যথাৰ্থ ধৰ্ম্মত জাতি ভেদ নাই। জাতি ভেদ কেৱল সামাজিক অৱস্থানুসাৰেহে হয়। শাক্যমুনি নিজে সন্ন্যাসী আছিল আৰু বেদত যিবিলাক সত্য লুকাই আছিল, তেওঁ সেই সকলোবিলাক সত্য পৃথিৱীৰ যাবদীয় জনসাধাৰণক বুজাই দিছিল। জগতত প্ৰকৃত পক্ষতে তেৱেইহে ধৰ্ম্ম-প্ৰচাৰৰ প্ৰধান গুৰু। তেৱেই পোন প্ৰথমে অইন ধৰ্ম্মৰ পৰা নিজ ধৰ্মলৈ বহুত মানুহক আনি এক ধৰ্ম্মৰ পৰা অন্য ধৰ্মলৈ নিয়াৰ প্ৰথম পথ প্ৰদৰ্শক।