সভাপতি মহাশয়, ভাতৃ মণ্ডলী আৰু উৎসাহদাতাসকল, আপোনাসব সকলোৱে শুনিছে যে মই বৌদ্ধ নহওঁ; কিন্তু মই বৌদ্ধ এই বুলি কলেও কোনো দোষ নহয়। চীন, জাপান আৰু লঙ্কাদ্বীপে সেই লোকগুৰু বুদ্ধদেৱৰ উপদেশ অনুসৰণ কৰিব পাৰে, কিন্তু ভাৰতবৰ্ষই তেওঁক ঈশ্বৰ বুলি পূজা কৰে। আপোনাসকলে অলপ আগেয়ে শুনিছিল যে মই বৌদ্ধধৰ্ম্ম সম্বন্ধে আলোচনা কৰিবলৈ সাজু হৈছোঁ—কিন্তু ইয়াৰ অৰ্থ দোষ দেখুৱা নহয়, যাক ঈশ্বৰৰ অৱতাৰ বুলি আমি পূজা কৰোঁ, তেওঁৰ দোষ দেখুৱা মোৰ অভিপ্ৰায় নহয়। কিন্তু বুদ্ধদেৱৰ সম্পৰ্কে মোৰ এয়ে মত যে তেওঁক তেওঁৰ শিষ্যবিলাকে ভালকৈ বুজিব পৰা নাই। ইহুদী ধৰ্ম্মৰ সৈতে খৃষ্টানধৰ্ম্মৰ যি সম্বন্ধ, হিন্দুধৰ্ম্ম অৰ্থাৎ বেদ বিহিত ধৰ্ম্মৰ সৈতেও বৰ্তমান সময়ৰ বৌদ্ধধৰ্ম্মৰ প্ৰায় সেই একে সম্বন্ধই। যীশুখৃষ্ট ইহুদী জাতিৰ আৰু শাক্য-মুনি হিন্দু জাতিৰ আছিল। কিন্তু প্ৰভেদ এই কণেই যে ইহুদীবিলাকে যীশুখৃষ্টক পৰিত্যাগ কৰিলে আনকি তেওঁক শূলত দি হত্যা কৰিলে, কিন্তু হিন্দুবিলাকে শাক্য-মুনিক ঈশ্বৰৰ উচ্চাসন দি এতিয়াও তেওঁক পূজা কৰি আছে। কিন্তু বৰ্ত্তমান বৌদ্ধধৰ্ম্মৰ
পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৪৪
অৱয়ব