পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৫)

ধৰ্ম্মৰ বক্তৃতা দিয়া শুনিছিলোঁ। অনেক সুমধুৰ কথা কৈ কৈ অৱশেষত তেওঁ কবলৈ ধৰিলে, “হে ভ্ৰান্ত জীৱবিলাক! মই যদি তোমালোকৰ দেৱ মূৰ্ত্তিক এই লাঠিডালেৰে খোঁচ মাৰি দিওঁ, তেনেহলে সেই মূৰ্ত্তিয়ে মোক কিবা কৰিব পাৰিব নে?” সেই মানুহ জুমৰ মাজৰ পৰা এজনে মাত লগাই কলে, “মই যদি তোমাৰ ঈশ্বৰক গালি পাৰোঁ, তেনেহলে তোমাৰ ঈশ্বৰে মোক কিবা কৰিব পাৰিব নে? পাদুৰীয়ে উত্তৰ দিলে, মৃত্যুৰ পিচত তোমাৰ শাস্তি হব। তেতিয়া সেই মানুহজনেও উত্তৰ দিলে, “তুমি মৰিলেও আমাৰ দেৱতাই তোমাক উচিত শাস্তি দিব।”

 গুটিৰ পৰাহে গছ চিনিব পাৰি। আৰু যেতিয়া আমি দেখোঁ যে যিবিলাকক আমি পৌত্তলিক বোলোঁ সেইবিলাকৰ ভিতৰত এনেকুৱা একোজন মানুহ আছে যাৰ নিচিনা চৰিত্ৰৱান আধ্যাত্মিক ভাৱপূৰ্ণ আৰু প্ৰেমিক কেতিয়াও কোনো ঠাইত দেখা নাই; তেতিয়া এই প্ৰশ্ন আপোনা-আপুনি মনত উদয় হয় “পাপৰ পৰা কোনোবা কাহানীত পৱিত্ৰতা জন্মিব পাৰে নে?”

মূৰ্ত্তি বিনা চিন্তা অসম্ভব। হওতে কু-সংস্কাৰ মানুহৰ শত্ৰু হয়, কিন্তু সংকীৰ্ণতা তাতোকৈ ঘোৰতৰ শত্ৰু। হয় বাৰু, যদি ঈশ্বৰ সৰ্ব্বব্যাপী, তেনেহলে খৃষ্টানবিলাকে কিয় ধৰ্ম্মালয় বুলি এডোখৰ সুকীয়া ঠাইত ঈশ্বৰ আৰাধনা কৰিবলৈ যাব? কিয় তেওঁৰ ক্ৰছক ইমান পৱিত্ৰ বোলে? প্ৰাৰ্থনাৰ সময়ত কিয় তেওঁবিলাকে ওপৰৰ ফালে চায়?