পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৩২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৬)


 কেথলিক সম্প্ৰদায়ৰ কিয় ইমানবোৰ মূৰ্ত্তি আছে? প্ৰাৰ্থনাৰ সময়ত কিয় প্ৰোটেষ্টান্টবিলাকৰ মনত এনেকুৱা ভাৱময়-মূৰ্ত্তিৰ বিকাশ হয়? হে ভ্ৰাতৃসকল! উশাহ নোলোৱাকৈ যেনেকৈ জীৱন ধাৰণ কৰিব নোৱাৰি সেইদৰে ঈশ্বৰ আৰাধনাৰ সময়তো যেই সেই মূৰ্ত্তিৰ সহায় নোলোৱাকৈ ঈশ্বৰক ধ্যান কৰা অসম্ভৱ। জড়-মূৰ্ত্তিৰ পৰা মানসিক ভাৱ উদয় হয়; আৰু মানসিক ভাৱৰ পৰা মূৰ্ত্তি কল্পনা কৰা যায়; ই ভাৱসংযোগৰ স্বাভাৱিক নিয়ম। জগতত প্ৰায় সকলো মানুহে নিৰাকাৰ-ব্ৰহ্মৰ ভাৱ হৃদয়ঙ্গম কৰিব নোৱাৰে। ঈশ্বৰৰ কিবা বিস্তৃতি আছে নে? এইটোও যদি স্বীকাৰ কৰিব নোখোজা তথাপি ‘সৰ্ব্বব্যাপী শব্দটি মনত সুৱঁৰিলে আমাৰ মনত অতি টানি মানি আকাশ নাইবা বিশাল পৃথিবীৰ ভাৱৰ বাহিৰে অইন একো ভাৱ উদয় হব নোৱাৰে। গতিকে মানুহৰ স্বভাৱানুসৰি যেনে তেনে প্ৰকাৰে আমি আমাৰ অনন্ত ভাৱবিলাক উপলদ্ধি কৰিবৰ সময়ত অনন্ত নীলাকাশৰ বা অপাৰ সমুদ্ৰৰ ভাৱবিলাক আপোনা আপুনি মনত পৰে; সেইদৰে আমাৰ সৰ্ব্বব্যাপিত্ব আৰু পৱিত্ৰতা ভাৱ- বিলাক আমাৰ নিজ নিজ স্বভাৱানুসাৰে গিৰ্জ্জাঘৰ, মছজিদ্‌ বা ক্ৰছৰ সৈতে সংযোগ কৰি থওঁ; ঠিক সেইদৰেই হিন্দুসকলেও তেওঁবিলাকৰ পবিত্ৰতা, নিত্যত্ব, সৰ্ব্বব্যাপিত্ব-এনেকুৱা ভাৱ- বিলাক নানা ৰূপে দেৱ মূৰ্ত্তিত সন্মিলিত কৰি থৈছে। কিন্তু এই খিনিতে এই কণেই প্ৰভেদ আছে যে কোনোৱে নিজৰ গোটেই জীৱন নিজ ধৰ্ম্মৰ চাৰি বেৰৰ ভিতৰতে সুমাই কটাইছে