পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৩০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হিন্দু ধৰ্ম্মও বিজ্ঞানৰ সামঞ্জস্য বিজ্ঞান শাস্ত্ৰৰো চৰম সীমা এয়ে। সকলো বিজ্ঞান শাস্ত্ৰ অৱশেষত এই সিদ্ধান্তকেই ঠিক কৰিব লাগিব। আজি কালি বৈজ্ঞানিক সকলে এই পৰিদৃশ্যমান জগতক “সৃষ্টি” নাম দিব নোখোজে। তেওঁবিলাকে কয় যে জগতে প্ৰতি মুহূৰ্ত্ততে নতুন নতুন আকাৰ ধৰি ৰূপত ‘বিকাশ’ হৈছে। হিন্দু-সন্তান সকলে চিৰকালৰ পৰা এই একে ভাৱকে পোষণ কৰি আহিছে; কিন্তু এতিয়া বৈজ্ঞানিক সকলে সেই একে কথাকে অনেক প্ৰমাণ দি বুকু ফিন্দাই তেজস্বী ভাষাত কোৱাত তেওঁবিলাকৰ মনত আনন্দৰ সঞ্চাৰ হৈছে।

 এতিয়া বেদান্তৰ ওখ টিঙৰ পৰা নামি আহি চকু নগজা সকলৰ ধৰ্ম্মৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ।

 প্ৰথমতে মই এই কথাষাৰি কৈ থওঁ যে ভাৰতবৰ্ষত বহু ঈশ্বৰবাদ নাই। যদি কোনোবাই প্ৰতি দেৱালয়ৰ ওচৰত থিয় হৈ শুনে, তেনেহলে তেওঁ শুনিব যে সেই পূজাৰীৱে ঈশ্বৰৰ সকলোবিলাক গুণ আনকি সৰ্ব্বব্যাপী গুণো সেই দেৱবিগ্ৰহত আৰোপণ কৰিছে। এই প্ৰকাৰ পূজাক কোনোমতে বহু ঈশ্বৰ বাদ বা অন্য কোনো বাদ বুলি কব নোৱাৰি। গোলাপ-ফুলক যি নামকে দিয়া তেও তাৰ যি গোন্ধ সেই গোন্ধেই থাকিব; অইন নামেৰে মাতিলে তাৰ গোন্ধৰ হানি নহয়। নামে কোনো কথা ব্যাখ্যা নকৰে।

 সৰুকালত মই এজন খৃষ্টান পাদুৰীয়ে বহুত মানুহৰ আগত