সমললৈ যাওক

পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)

ভাৱ। হিন্দুবিলাকে অকল মত বা শাস্ত্ৰৰ বিচাৰতে সন্তুষ্ট নহয়। যদি কিবা অতীন্দ্ৰিয় স্থিতি থাকে, তেনেহলে তাৰো প্ৰমাণ লবলৈ মুখামুখি হব খোজে। যদি জড়ৰ সৈতে সম্বন্ধ নথকা আত্মা থাকে, যদি দয়াময় সৰ্ব্বব্যাপী পৰমাত্মা থাকে, তেনেহলে তেওঁ তেওঁৰ সাক্ষাত হবলৈ চেষ্টা কৰে। কাৰণ তেওঁক দৰ্শন নকৰিলে কেতিয়াও সন্দেহ দূৰ নহয়। গতিকে “মই আত্মাক দেখিছোঁ, মই ঈশ্বৰৰ সাক্ষাত পাইছোঁ”, এয়ে সনাতন ধৰ্ম্মাৱলম্বী সাধু মণ্ডলীৰ আত্মা আৰু ঈশ্বৰ সম্পৰ্কে সৰ্ব্বোৎকৃষ্ট প্ৰমাণ। এনেকুৱা নহলে মানুহে কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে। হিন্দু ধৰ্ম্মই যেই সেই অনিৰ্দ্দিষ্ট মতবাদ বিশ্বাস নকৰে, অপৰোক্ষাণুভূতিয়েই ইয়াৰ মূল মন্ত্ৰ, অকল বিশ্বাস কৰাই নহয়, জীৱনত পৰিণত কৰাহে ইয়াৰ মূল উদ্দেশ্য।

 ইয়াৰ পৰা বুজিব পৰা হৈছে যে ক্ৰমাগত অধ্যাৱসায় আৰু যত্নেৰে পূৰ্ণতা লাভ কৰা,-দেৱতা হোৱা ঈশ্বৰৰ সান্নিধ্য হোৱা আৰু তেওঁক দৰ্শন কৰাই হিন্দুসকলৰ সাধন প্ৰণালীৰ লক্ষ্য। এইদৰে ঈশ্বৰ-সান্নিধ্য লাভ কৰি, তেওঁক দৰ্শন কৰি, সেই সৰ্ব্ব- লোক-পিতা-ঈশ্বৰৰ নিচিনা পূৰ্ণ হোৱাই হিন্দুধৰ্ম। যেতিয়া মানুহে পূৰ্ণতা লাভ কৰিব তেতিয়া তেওঁৰ কি হব? তেতিয়া তেওঁ নিত্যানন্দ ভোগ কৰে। যি সকলো লাভৰ পৰম লাভ স্বৰূপ পৰমেশ্বৰ -সেই পৰমানন্দ ধাম ঈশ্বৰক পাই তেওঁ পৰম আনন্দৰ অধিকাৰী হয়।