পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)


যদিও পৰ্ব্বতে আমাক একো দিয়া নাই তথাপি সুন্দৰ আৰু মহৎ বস্তুক ভাল পোৱাটো মোৰ স্বভাৱ, সেই কাৰণেই মই ঠিক সেইদৰে মই তাক ভাল পাওঁ। তেওঁ নিখিল সৌন্দৰ্য্য আৰু মহত্ত্বৰ মূল। তেৱেঁই ভাল পোৱাৰ উপযুক্ত পাত্ৰ। তেওঁক ভাল পোৱাটোৱেই মোৰ স্বভাৱ গতিকে মই তেওঁক ভাল পাওঁ। মই তেওঁৰ ওচৰত একোকে নিবিচাৰোঁ, তেওঁৰ য’তে থবৰ ইচ্ছা হয় তাতেই মোক নি থওক। সুখ, দুখত, বেজাৰত, আনন্দত, সকলো সময়তেই মই তেওঁক ভাল পাওঁ। মোক ভাল পোৱাৰ বঁটা মোক নালাগে মই ধৰ্ম্মৰ বেপাৰী নহওঁ।

 বেদে কৈছে—আত্মা ব্ৰহ্ম স্বৰূপ, কেৱল পঞ্চভূতত আবদ্ধ হৈ আছে; যেতিয়াই এই বন্ধৰ পৰা মুক্ত হব, তেতিয়াই আগৰ নিচিনাকৈ আকৌ পূৰ্ণত্ব পাব। এই অৱস্থাৰ নামেই মুক্তি অৰ্থাৎ অপূৰ্ণতা জন্ম-মৃত্যু-আধিব্যাধি সকলোৰে পৰা নিস্তাৰ পাব। ঈশ্বৰৰ কৃপা হলেই আত্মাৰ এই বন্ধন শেষ হয়। পৱিত্ৰ স্বভাৱৰ লোককহে তেওঁ কৃপা কৰে। গতিকে পৱিত্ৰতাই তেওঁৰ অনুগ্ৰহ পাবৰ একমাত্ৰ উপায়। যেতিয়াই তেওঁৰ কৃপা হয়, তেতিয়াই তেওঁ শুদ্ধ আৰু পৱিত্ৰ হৃদয়ত প্ৰকাশিত হয়। সেই নিৰ্ম্মল বিশুদ্ধ মানৱে ইহ জীৱনতেই তেওঁক দৰ্শন পায়। তেতিয়াই—তেতিয়াইহে তেওঁৰ সকলোবিলাক কুটিলতা নাশ হয় আৰু সকলো সন্দেহ দূৰ—তেওঁ কৰ্ম্ম-ফলৰ হাত সাৰি মুক্তি লাভ কৰে। হিন্দু-ধৰ্ম্মৰ এয়ে লক্ষ্য, হিন্দু-ধৰ্ম্মৰ এয়ে আচল