পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/২৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২২)

 সকলো হিন্দুৰেই এই বিষয়ত এক মত। ভাৰতবৰ্ষীয় সকলো সম্প্ৰদায় এই বিষয়ত এক বাক্য। ইয়াৰ পৰা ইয়াকে বুজিব পৰা হৈছে যে নিৰ্ব্বিকল্প অৱস্থাৰ নাম পূৰ্ণাৱস্থা, আৰু সেই নিৰ্ব্বিকল্প অৱস্থা একমত, অদ্বিতীয় আৰু গুণাতীত- ইয়াত কেতিয়াও ব্যক্তিত্ব থাকিব নোৱাৰে। গতিকে যেতিয়া কোনো আত্মাই নিৰ্ব্বিকল্প পাবগৈ, তেতিয়া তেওঁ ব্ৰহ্মত লীন যাব। এনেকুৱা আত্মা দ্বৈত্য জ্ঞান পৰিশূন্য হোৱা গতিকে নিজে সৎ স্বৰূপ, জ্ঞান স্বৰূপ আৰু আনন্দ স্বৰূপ হব। মই পঢ়ি পাইছোঁ যে কোনো কোনো পাশ্চাত্য দাৰ্শনিক পণ্ডিতে আত্মাৰ এই ব্যক্তিত্ব বিনাশকে জড়াৱস্থা বুলি ভাৱে। এইটো তেওঁবিলাকৰ অনভিজ্ঞতাৰ বাহিৰে অইন একো নহয়।

 মই ডাঠি কওঁ এই অতি চৰম অৱস্থা জড়াৱস্থা নহয়। যেতিয়া মই এই ক্ষুদ্ৰ দেহত আত্ম-জ্ঞান স্থাপন কৰি সুখ বোধ কৰিব পাৰিছোঁ; তেনেহলে মই যদি দুইটি দেহকে এনেকুৱা কৰোঁ, তেতিয়া হলে আৰু সুখবোধ কৰিব পাৰিম। এইদৰে তিনিটা, চাৰিটা, পাঁচোটা এনেকৈ দেহৰ সংখ্যা যিমানেই বাঢ়ি যাব, সেইদৰে মোৰ সুখো ক্ৰমান্বয়ে বাঢ়ি যাব। এনেকৈ যেতিয়া এই নিখিল বিশ্বতে মোৰ আত্ম-বোধ হব তেতিয়াই মোৰ আনন্দৰ পাৰ নোহোৱা হব। গতিকে সেই বিশ্ব-দেহ পাবলৈ হ’লে এই সামান্য ক্ষুদ্ৰ দেহ অৱশ্যেই অতিক্ৰম কৰিব লাগিব। যেতিয়া মই প্ৰাণময় হম তেতিয়াই মই মৃত্যুৰ পৰা নিষ্কৃতি পাম; তেতিয়াই মই আনন্দময় হম, তেতিয়াই দুখৰ হাত সাৰিম;