সমললৈ যাওক

পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)


বিলাকে ঈশ্বৰৰ পৃথিবীত যাক অৱতাৰ বুলি বিশ্বাস কৰে, সেই ভগৱান শ্ৰীকৃষ্ণই এই প্ৰেমৰ পূৰ্ণ কলা কেনেকৈ দেখুৱালে, সেই সম্পৰ্কে কি উপদেশ দিছে তাকে এতিয়া আলোচনা কৰা হওক। পদুম পানীত থাকিলেও যেনেকৈ তাত পানী নালাগে, সেইদৰে মানুহেও এই সংসাৰত ঈশ্বৰত মন-প্ৰাণ অৰ্পণ কৰি কৰ্ম্মত হাত দিও নিৰ্লিপ্ত ভাৱে থাকিব লাগে।—শ্ৰীকৃষ্ণই ইয়াকে শিক্ষা দিছে। ইহ আৰু পৰকালৰ পুৰস্কাৰৰ আশাত ঈশ্বৰক ভাল পোৱাটো একো বেয়া নহয়। কিন্তু ঈশ্বৰক ভাল পোৱাৰ আশাতে ভাল পোৱাটো অতি ভাল। তেওঁক এইদৰে প্ৰাৰ্থনা কৰা উচিত—“হে ভগবান! মই তোমাত ধন, পুত্ৰ বা বিদ্যা একো খোজা নাই। যদি তোমাৰ ইচ্ছা হয়, মই শত শত নৰকলৈকো যাবলৈ সাজু আছোঁ। কিন্তু হে প্ৰভু! ইয়াকে কৰা যেন সকলো সময়তে তোমাক মই নিস্বাৰ্থ ভাৱে ভাল পাব পাৰোঁ।”

 সেই সময়ৰ ভাৰতবৰ্ষৰ সম্ৰাট ধৰ্ম্মনন্দন যুধিষ্ঠিৰ শ্ৰীকৃষ্ণৰ শিষ্য আছিল। তেওঁক শত্ৰুৱে সিংহাসনৰ পৰা নমাই খেদি দিয়াত তেওঁ তেওঁৰ ৰাণীৰে সৈতে হিমালয়ৰ ওচৰৰ এখন হাবিত বাস কৰি আছিল। তেতিয়া ৰাণীয়ে তেওঁক এদিন সুধিলে—“হে নাথ! আপুনি ইমান ধাৰ্ম্মিক হৈয়ো কিয় ইমান দুখ-কষ্ট সহ্য কৰিব লগীয়া হৈছে?” যুধিষ্ঠিৰে উত্তৰ দিলে— “প্ৰিয়ে! চোৱাঁচোন চোৱাঁ হিমালয়ৰ পিনে চোৱাঁ, আহা! কেনে সুন্দৰ আৰু মহৎ। মই এই মহৎ দৃশ্য বৰ ভাল পাওঁ।