পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/২৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮)


পাপ। পাপী বুলি কলে বিশুদ্ধ মানবাত্মাক কলঙ্ক দিয়াহে হব। হে ভ্ৰাতৃ সকল, তোমালোক সিংহ হৈ নিজক ভেৰা ছাগলী বুলি ভাবিছা কিয়? এই ভ্ৰম ভাৱ দূৰ কৰা! তোমালোক জৰা- মৰণ ৰহিত, মুক্ত আৰু নিত্যানন্দময় আত্মা। তোমালোক জড় আৰু দেহ নোহোৱা। জড় তোমালোকৰ দাস—তোমালোক জড়ৰ দাস নোহোৱা। এনে যুক্তিৰে বেদে ঘোষণা কৰিছে যে- এই সৃষ্টি কিছুমান ভয়ঙ্কৰ নিৰ্ম্মম নিয়মৰ অধীন বা অনন্ত কাৰ্য্য- কাৰণৰ কাৰাগাৰো নহয়। বেদে কয় এই সকলোবিলাক নিয়মৰ গুৰিত প্ৰত্যেক পৰমাণু আৰু শক্তিৰ মাজত এজন মহাপুৰুষ আছে, যাৰ আদেশত বতাহ বলিছে, জুই জ্বলিছে, মেঘে বৰষুণ দিছে আৰু মৃত্যুৱে পৃথিবীত ভ্ৰমণ কৰিছে।

 সেই পুৰুষৰ স্বৰূপ কেনেকুৱা? তেও সৰ্ব্বব্যাপী, শুদ্ধ, নিৰাকাৰ, সৰ্ব্বশক্তিমান আৰু সকলোকে তেওঁ দয়া কৰে। ‘তুমি মোৰ পিতা, তুমি মোৰ আই, তুমি মোৰ মৰমৰ সখী, তুমি সমস্ত শক্তিমূল, তুমি কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ ভাৰ ধাৰণ কৰিছা; হে প্ৰভু এই জীৱনৰ ক্ষুদ্ৰ ভাৰ বহন কৰিবলৈ মোক শক্তি দিয়া’-বেদবিৎ ঋষিসকলে এনেকুৱা গান কৰিছিল। আমি তেওঁক কি দি পূজা কৰিম? প্ৰীতিৰে, প্ৰেমেৰে—ঐহিক আৰু পাৰত্ৰিক সকলো প্ৰিয় বস্তুতকৈ প্ৰিয়তৰ ৰূপে তেওঁক পূজা কৰিব লাগিব।

 বেদে শুদ্ধ প্ৰেমৰ সম্বন্ধে এনেকুৱা শিক্ষা দিছে। হিন্দু-