পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/২৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭)


মানুহ পানী নহয় এই কথা ভাবিলে হৃদয় ব্যাকুল হয়। কিন্তু উপায় কি? ই যে প্ৰকৃতিৰ নিয়ম। তেনেহলে ইয়াৰ কোনো উপায় নাই নে কি? পৰিত্ৰাণৰ কোনো বাট নাই নে কি? মানুহৰ হতাশৰ এই কৰুণ-কান্দোনৰ ধ্বনি কৰুণা-নিদান বিশ্বপতিৰ সিংহাসন চুলেগৈ। এই কৰুণ-ধ্বনি শুনি পৰমেশ্বৰে আশা আৰু সান্ত্বনা বাণীৰূপে এজন বেদবিৎ ঋষিৰ হৃদয়ত আবিৰ্ভূত হলহি। ঐশ্বৰিক শক্তিৰে অনুপ্ৰাণিত মহৰ্ষিয়ে থিয় হৈ উচ্চস্বৰে জগতত এই আনন্দৰবাণী ঘোষণা কৰিলে—“হে অমৃতৰ পুত্ৰসকল, হে দিব্যলোক নিবাসী ত্ৰিদশ মণ্ডলি; তোমালোক সকলোৱে শুনা মই সেই অনাদি পুৰাতন মহান পুৰুষক চিনি পাওঁ; তেওঁৰ বৰণ আদিত্যৰ নিচিনা, অজ্ঞানে তেওঁক কেতিয়াও চুব নোৱাৰে, তেওঁক চিনি পালেই কেতিয়াও মৃত্যুৰ হাতত পৰিব নালাগে আৰু তেতিয়া তুমি মুক্তি পাবা-ইয়াৰ বাহিৰে আৰু অইন বাট নাই।

 “অমৃতৰ অধিকাৰী ” এই নামটো কেনে সুমধুৰ আৰু কেনে উল্লাসবৰ্দ্ধক! হে ভ্ৰাতৃসকল, মই তোমালোকক এই মধুৰ নামেৰে সম্বোধন কৰিব খোজোঁ। তোমালোক অমৃতৰ অধিকাৰী—হিন্দুসকলে তোমালোকক পাপী বুলি কবলৈ অস্বীকাৰ কৰে।

 তোমালোক ঈশ্বৰৰ সন্তান, অমৃতৰ অধিকাৰী, পৱিত্ৰ আৰু পূৰ্ণ। তোমালোকেই এই মৰ্ত্ত্যভূমিৰ দেৱতা। তোমালোক কেতিয়াও পাপী নোহোৱা। মানুহক পাপী বোলা এটা মহা