পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/২২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)

ভাৱে। আত্মাই এই দেহলৈ কিয় আহিছে এই বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা নকৰোঁ। “ এইটো ঈশ্বৰৰ ইচ্ছা ” বুলিলে একো ব্যাখ্যা কৰা নহল। হিন্দুৱে যে “আমি নাজানোঁ” বুলি কয় তাতকৈ এই উত্তৰত মীমাংসাৰ একো বিশেষ আলোচনা আগ নাবাঢ়িল।

কৰ্ম্মবাদ। এতেকে বুজা হৈছে যে, মানুহৰ আত্মা অনাদি, অমৰ আৰু পূৰ্ণ; আৰু এই দেহৰ পৰা অইন এটা দেহলৈ যোৱাৰ নামেই মৃত্যু বা মৰণ। বৰ্ত্তমান অৱস্থা পূৰ্ব্বানুষ্ঠিত কৰ্ম্মৰ ফল; আৰু ভবিষ্যত বৰ্ত্তমান অৱস্থাৰ ফল স্বৰূপ। আত্মা জন্ম আৰু মৃত্যু-চক্ৰত ক্ৰমাগত ঘূৰিব লাগিছে।

 কিন্তু এই খিনিতে আৰু এটা প্ৰশ্ন ওলায়ঃ— তেনেহলে মানুহ প্ৰচণ্ড ধুমুহাত পৰা এখন সৰু নাৱৰ দৰে নেকি?—যে সি এক মুহূৰ্ত্তত ফেনে ফোটোকাৰে সাগৰৰ ঢৌৰ মূৰলৈ উঠে আৰু তাৰ পাছ মুহৰ্ত্ততে অতল-জলত ডুবি যায়; বা মানুহ ভীষণ বেগেৰে গুজৰি-গামৰি সদায় বৈ থকা কাৰণ-কাৰ্য্য-সোঁতৰ পৰা সহায় হীন শক্তিহীন জাঁজিৰ দৰে নেকি?—যে সি ভাল বা বেয়া কৰ্ম্মৰ প্ৰতাপত চাৰিওফালে পাকঘূৰণি খাই ফুৰে। আত্মা এটা সৰু বালি-চাঁহিৰ নিচিনা নে কি?—যে সি সদায় পৰিভ্ৰমণশীল কৰ্ম্ম-চক্ৰত থাকি, অথবা যি কাৰ্য্য-কাৰণ চক্ৰই বাটত যিহকে পায় তাকে খুন্দি পিহি থৈ যায় আৰু কি বিধবাৰ অশ্ৰু বা, কি পিতৃ-মাতৃহীনৰ ক্ৰন্দন একোলৈকে ভ্ৰক্ষেপ নকৰে; মাত্ৰ মানুহ তেনেকুৱা নিৰ্মম চক্ৰৰ তলত পৰা এটা পৰুৱা নে কি?