সমললৈ যাওক

পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)


অন্য এটা দেহলৈ যোৱাৰ নামেই হৈছে মৰণ। আত্মা জড় নিয়মৰো বশীভূত নহয়—আত্মা নিত্য-শুদ্ধ-মুক্ত-স্বভাৱ। কিন্তু কি কাৰণত জড়ত আৱদ্ধ হৈ আছে আৰু নিজক জড় বুলি ভাবিছে? কিয় বিশুদ্ধ, পূৰ্ণ আৰু বিমুক্ত আত্মাই জড়ৰ দাসত্ব কৰিছে আৰু পূৰ্ণ হৈয়ো নিজক অপূৰ্ণ বুলি ভাবিছে? বহুতে ভাবে যে হিন্দুবিলাকে আত্মা দেহ বদ্ধ কিয়? এই প্ৰশ্নৰ যথাযথ মীমাংসা কৰিব নোৱাৰে; এই ভাবি একেবাৰেই এই কথা উৰাই দিবলৈ চেষ্টা কৰে। কোনো কোনো পণ্ডিতে আত্মা আৰু জীৱ এই দুইৰ মাজত কিছুমান পূৰ্ণ কল্প সত্বাৰ অস্তিত্ব কল্পনা কৰে; আৰু এইবিলাক কথাকে হৰেক ৰকমৰ দীঘলীয়া বৈজ্ঞানিক বিশেষণ লগাই নাম দিয়ে। কিন্তু প্ৰতিশব্দ দিলে কোনো প্ৰশ্নৰ মীমাংসা নহয়। প্ৰশ্ন যেনেকুৱা আছিল তেনেকুৱা হৈয়েই থাকিল। যি পূৰ্ণ, তাত কেনেকৈ পূৰ্ণতাৰ অনুমাত্ৰও লাঘৱ কৰিব পাৰি? যি সত্য-শুদ্ধ-বুদ্ধ-মুক্ত-স্বভাৱ, কেনেকৈ সেই নিত্য-শুদ্ধ-বুদ্ধৰ সেই স্বভাৱৰ ব্যতিক্ৰম হব পাৰে? হিন্দু- বিলাকে এই বিষয়ে সকলোতকৈ অধিক সৰল আৰু সত্যবাদী। তেওঁবিলাকে তৰ্ক যুক্তিৰ দ্বাৰা মীমাংসাৰ চেষ্টা কৰা নাই বুলি বা মীমাংসা কৰিছে বুলি পণ্ডিত বোলাবলৈ ইচ্ছা নকৰে। তেওঁ- বিলাকে বুকু ফিন্দাই এই কথাৰ উত্তৰ দিবলৈ প্ৰস্তুত, আৰু উত্তৰত কয়—“এই কথা আমি নাজানোঁ, আমি নুবুজোঁ কেনেকৈ পূৰ্ণ আত্মাই নিজক অপূৰ্ণ আৰু জড়ৰ অধীন কৰে।” কিন্তু এইটো সকলো প্ৰকাৰে সত্য। প্ৰত্যেকেই নিজক দেহ বুলি