পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)


 বাৰু এইটো স্বীকাৰ কৰা হ’ল যে পূৰ্ব্ব জন্ম আছে। কিন্তু, তেনেহলে কিয় আমাৰ পূৰ্ব্ব জন্মৰ কথা মনত নাথাকে, এইটো সহজেই বুজাব পাৰি। মই এতিয়া ইংৰাজী ভাষা কৈছোঁ, এই ভাষা মোৰ মাতৃ-ভাষা নহয়। সঁচাকৈয়ে এতিয়া মোৰ মাতৃ- ভাষাৰ কথা এটিও মনত নাই। কিন্তু যদি মই মনত সুৱঁৰিব খোজো, তেনেহলে তৎক্ষণাৎ সুৱঁৰিব পাৰোঁ। এই কথাৰ পৰা ইয়াকে বুজিব পৰা যায় যে কোনো এক সময়ৰ চৈতন্য কেৱল ওপৰখনহে। আৰু এই সমুদ্ৰৰ গভীৰ প্ৰদেশত আমাৰ অভিজ্ঞতা সমূহ সঞ্চিত হৈ আছে। চেষ্টা আৰু সাধনাৰ বলত সেই জ্ঞান উদ্ধাৰ কৰি আনিব পাৰি; আন কি পূৰ্ব্ব জন্মৰ সকলো জ্ঞান মনত পেলাব পাৰি।

 পূৰ্ব্ব জন্মৰ সম্বন্ধে এয়ে সাক্ষাত প্ৰমাণ। কাৰ্য্য-ক্ষেত্ৰত মিলাব পাৰিলেই যেই সেই মতবাদৰ সম্পূৰ্ণ সত্যতা প্ৰমাণিত হয় আৰু ঋষিসকলে সমস্ত জগতত এই বাক্য ঘোষণা কৰিছে— “স্মৃতি সাগৰৰ গভীৰতম ভাৱবিলাক কেনেকৈ জগাব পাৰি সেই তথ্য আমি আবিষ্কাৰ কৰিছোঁ। চেষ্টা কৰা তোমালোকে তোমালোকৰ পূৰ্ব্ব জন্মৰ সকলো কথা সুৱঁৰিব পাৰিবা।”

 এই কাৰণে হিন্দুৱে নিজক আত্মা বুলি বিশ্বাস কৰে। সেই আত্মাক তৰোৱালে কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে আৰু বায়ুৱেও শুকাব নোৱাৰে। সেই আত্মা এনেকুৱা এটা বৃত্ত, যাৰ পৰিধি অসীম; কিন্তু যাৰ কেন্দ্ৰ যেই সেই এটা দেহৰ ভিতৰত আছে আৰু সেই কেন্দ্ৰ এটা দেহৰ পৰা