সমললৈ যাওক

পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)


অনাদি। উপমাৰ দ্বাৰা বুজাব খুজিলে একো বেয়া নহয়; তেনেহলে সৃষ্টি আৰু স্ৰষ্টা এই দুয়োকে দুটা অনাদি আৰু অনন্ত সমান্তৰাল সৰল ৰেখাৰে সৈতে তুলনা কৰিব পাৰি। ঈশ্বৰ নিত্য মহা শক্তি স্বৰূপ সকলো বিষয়ৰ বিধান কৰ্ত্তা তেওঁ সদায় তমসৰ পৰা ব্ৰহ্মাণ্ড সৃজন পালন কৰি, শেষত আৰু ভাঙ্গি ছিঙ্গি সংহাৰ কৰিছে। এই দৰেই সদায় চলিবই লাগিছে। ব্ৰাহ্মণৰ ল'ৰাই সদায় সন্ধ্যা কৰিবৰ সময়ত এই কথাকে আওৰায়, “সূৰ্য্যা চন্দ্ৰমসৌ ধাতা যথা পূৰ্ব্বম্‌ কল্পয়ৎ” অৰ্থাৎ বিধাতাই আগৰ দৰেই চন্দ্ৰ-সূৰ্য্য সৃজন কৰিলে। বিজ্ঞানেও ইয়াকেই কৈছে।

 মই এইখিনিতে থিয় হৈ আছোঁ। যদি চকু মুদি মই মোৰ সত্ব সম্বন্ধে ভাবোঁ ‘মই’ ‘মই’ ‘মই’ তেনেহলে মোৰ কি ভাৱ হব? এই দেহেই ময়—এনেকুৱা ভাৱেই মনত আহে। তেনে- হলে মই জড় নে? বা জড়ৰ সমষ্টি ভূত দেহ স্বৰূপ? বেদে কৈছে, “নহয়।” মই দেহত থকা “আত্মা।” মই দেহ নহওঁ। দেহ নষ্ট হব কিন্তু মই নষ্ট নহওঁ। মই দেহৰ মাজত আছোঁ। কিন্তু যেতিয়া এই দেহৰ পঞ্চত্ব প্ৰাপ্ত হব, তেতিয়াও মই বিদ্যমান থাকিম; আৰু মই এই দেহ ধাৰণ কৰাৰ আগেও আছিলোঁ। আত্মা কোনো পদাৰ্থৰ পৰা সৃষ্ট হোৱা নাই; কাৰণ সৃষ্টি শব্দৰ অৰ্থ হৈছে বেলেগ বেলেগ বস্তুৰ সংযোগ; আৰু সংযোগ ভবি- ষ্যতত বিয়োগ হব। গতিকে আত্মা যদি সৃষ্টি কৰা হয়, তেনেহলে নিশ্চয় বিনশ্বৰ। গতিকে আত্মা সৃষ্টি কৰা পদাৰ্থ নহয়।