পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১0)

সৈতে পৰম পিতা পৰমাত্মাৰ যি বিশুদ্ধ সম্বন্ধ, এইবিলাক আবিষ্কাৰ হোৱাৰ আগেও আছিল আৰু সকলোৱে পাহৰিলেও এই সম্বন্ধ থাকিব।

ঋষি  এই আধ্যাত্মিক সত্যবিলাকৰ আবিষ্কাৰক সকলক “ঋষি” বোলে। আমি তেওঁবিলাকক সৰ্ব্বতে আৰু সকলো বিষয়তে পাৰদৰ্শী বুলি ভক্তি আৰু মান্য কৰোঁ। মই এই শ্ৰোতৃ মণ্ডলীক জনাবলৈ ৰং পাইছোঁ যে তেওঁলোকৰ কেইবা গৰাকীও তিৰোতা মানুহ আছিল।

সৃষ্টি অনাদি আৰু অনন্ত  এই খিনিতে এই ফাঁকিও কৈ থব পাৰি যে এই আধ্যাত্মিক নিয়ম বিলাক অন্তহীন হব পাৰে, কিন্তু নিশ্চয় আদি আছে। বেদে কৈছে যে সৃষ্টি অনাদি আৰু অনন্ত। বিজ্ঞান-শাস্ত্ৰই প্ৰমাণ কৰিছে যে সৃষ্টি শক্তিৰ সমষ্টি সৰ্ব্বতিকাল সমান। যদি কোনোবাই কয় যে এনেকুৱা এসময় অছিল যেতিয়া একো বস্তুৱেই নাছিল; তেনেহলে এই প্ৰশ্ন কৰিব পাৰি যে তেতিয়া সকলোবিলাক শক্তি ক’ত আছিল? কোনোবাই কব পাৰে যে তেতিয়া এই শক্তি ঈশ্বৰতেই নিহিত হৈ আছিল। তেনেহলে ঈশ্বৰ কেতিয়াবা সক্ৰিয় আৰু কেতিয়াবা নিষ্ক্ৰিয়; গতিকে ঈশ্বৰ বিকাৰশীল। কিন্তু যেতিয়া বিকাৰশীল পদাৰ্থ মাত্ৰেই মিশ্ৰ পদাৰ্থ আৰু যেতিয়া মিশ্ৰ পদাৰ্থ মাত্ৰেই বিনাশশীল; তেনেহলে ঈশ্বৰো বিনাশশীল। এইটো কেতিয়াও হবই নোৱাৰে। গতিকে এনেকুৱা এসময় নাছিল যেতিয়া একোৱেই (অৰ্থাৎ সৃষ্টি) নাছিল। গতিকে সৃষ্টি