পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

কোনোৱে জন্মাৱধি সুখ ভোগ কৰিছে; শৰীৰ দিব্য সুস্থ আৰু সুন্দৰ, মন উৎসাহপূৰ্ণ একোৰে অভাৱ নাই কিন্তু কিছুমানে ওপজা দিনৰে পৰা দুখতেই কাল নিয়াইছে। কোনোৰ হয়তো হাত ভৰিয়েই নাই কোনোৰ বুদ্ধিয়েই নাই আৰু কিছুমানে অতি দুখেৰে সৈতে জীৱন নিয়াইছে। যদি এই আটাইবিলাকক একে জন দয়াময় ঈশ্বৰেই সৃজন কৰিছে, তেনেহলে কিয় কিছুমান সুখী আৰু কিছুমান দুখী? ভগৱান কিয় ইমান পক্ষপাতী? যদি কোনো লোকে কব খোজে যে, যি এই জন্মত দুখত কাল কটাইছে পৰ জন্মত তাৰ সুখ হব। তেনেহলে কিয়নো দয়াময়ৰ ৰাজ্যত এজনেও দুখ পাব?

 দ্বিতীয়তঃ ইয়াৰ পৰা এই অসঙ্গতিৰ একোৱেই বাখ্যা নহয়। মুঠতে এজন সৰ্বশক্তিমান স্বেচ্ছাচাৰী পুৰুষৰ নিষ্ঠুৰ ব্যৱহাৰৰ কথাহে উল্লিখিত হ’ল। এই কাৰণে এইটো স্বীকাৰ কৰিব লাগিব যে মানুহে সুখী বা দুখী হৈ জন্ম লোৱাৰ আগেয়ে কিছুমান কাৰণ আছিল, যিবিলাকৰ পৰা তেওঁ সুখী বা দুখী হৈছে তেওঁৰ পূৰ্ব্বানুষ্ঠিত কৰ্ম্মবিলাকেই এই সুখ-দুখৰ কাৰণ। বাৰু মানুহৰ দেহ আৰু মনে পিতৃ-পিতামহৰ দেহ আৰু মনৰ সাদৃশ্য লয়; এনেকৈ কলে ইয়াৰ সমুচিত উত্তৰ দিয়া নহব নে? এইটো ভালকৈ দেখা গৈছে যে মানুহৰ জীৱনৰ সোঁতটো জড় আৰু চৈতন্য এই দুই ধাৰেৰে প্ৰৱাহিত হৈছে। যদি জড়ে আৰু জড়ৰ বিকাৰে আত্মা, মন, বুদ্ধি আদিৰ কাৰ্য্য পূৰণ কৰে, তেনেহলে স্বতন্ত্ৰ আত্মাৰ স্বীকাৰ কৰিবৰ কোনো আৱশ্যক নাই। কিন্তু