পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বনুৱাই পায় যিটি ভাগ।
এটি জল-কণা যেন মহাসাগৰত।
তাৰে তাৰ নিমিলে আহাৰ,
নাপায় কাপোৰ,
নাই এটি জুপুৰি নিজৰ।
কৰে
বুকু-ভঙা পৰিশ্ৰম,
পায় তাৰ সলনিত
সামান্য মজুৰি এটি;
হাহাকাৰ জীৱনৰ চিৰ লগৰীয়া।
আমি গঢ়া নতুন ৰাজ্যত
নাথাকিব পুঁজি-পতি,
নাথাকিব বুভূক্ষিত কৃষকৰ দল।
নাথাকিব—
কৃষকৰ, মজুৰৰ ধনেৰেই ধনী হই
সিহঁতৰে বুকুত গচকে,
—এনুৱা দস্যুৰ দল।
আমাৰ ৰাজ্যত
ধনী-দুখী সকলোকে কৰিম সমান।
দুখীয়াৰ ভগা কলিজাৰ
ৰঙা তেজ পিবলই
ধনীৰ যি ষড়যন্ত্ৰ,