পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিপ্লবী

ভাঙি দিম তাক।
বিপ্লবী আমি।
সমাজৰ নীচ মনোবৃত্তি,
ঘিণ লগা অন্ধ বিশ্বাস,
দেখি দেখি লাগিছে আমনি;
আৰু আমি নোৱাৰোঁ সহিব।
অবিচাৰ, অত্যাচাৰ মোহাৰি পেলাই
ৰচিম সুন্দৰ আমি নতুন সমাজ।
আমি—
নিৰক্ষৰ হাজাৰ প্ৰাণত
ঢালি দিম শিক্ষাৰ পোহৰ;
তেতিয়া সি বুজিব নিজেই
সিও যে মানুহ ধনীৰ দৰেই;
নহয় গোলাম কাৰো।
শিক্ষাৰ পোহৰ পালে
সিও
উঠিব বিপ্লবী হই,
থয় দিব শোষণৰ বিৰুদ্ধে ধনীৰ।
দুখীয়াৰ দুখ দেখি
তাৰ অন্তৰতো উঠি যাব হাহাকাৰ।
নতুনৰ ৰচনাত সিও হ’ব আমাৰ সহায়।
নাথাকিব জাতি-ভেদ,