পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৪ বীৰ-নাৰী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

 তেতিয়াৰ অসমৰ সােণালী যুগতে
ৰাজত্ব কালত ৰজা চুহুংমুঙৰ
তুৰুবকে আক্রমণ কৰিলে অসম।
কলিয়াবৰত গৈ ভেটিলে শত্রুক।
বীৰ ফাচেংমুঙ্ বৰগােহাঁয়ে নিজেই
লই সেনাপতি বাব বীৰ-বিক্ৰমেৰে।
লাগিল তুমুল যুদ্ধ, হ’ল হতাহত
নির্ভীক যুঁজাৰু বহু উভয় দলৰ ;
ৰঙা হল ধৰণীৰ সেউজীয়া বুকু!
অসীম সাহসে যুঁজি অসমীয়া সেনা
আগুৱালে ভীম বেগে মেদিনী কঁপাই।
কিন্তু হায় দুৰদৃষ্টু! হ’ল বিপর্য্যয় ;—
অকস্মাতে গুলি লাগি হ’ল ধৰাশায়ী
অসমৰ মহাতেজা বীৰ সেনাপতি।
উল্লাসিত হ’ই যত আক্ৰমণকাৰী
সেনাপতি-হীন সেনা কৰিলে নিৰ্ম্মূল ;
প্রচাৰিলে পাঠানৰ বিজয় ঘোষণা ;
উলটিল লুটি-পুটি নিজ দেশলই।
 ফাচেংমুঙৰ ভাৰ্য্যা গাভৰু মূলাই
শুনিলে যেতিয়া এই শােকৰ বাতৰি,
নিজকেই দোষী কৰি হ’ল মর্ম্মাহত।
অৱহেলা কৰি তেৱেঁ কৰ্ত্তব্য নিজৰ