এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা-গাভৰু।
গৌৰব-উজ্জ্বল সেই অসমৰ কথা
আৰম্ভণী ষোল শতাব্দীৰ ৷ সিকালত
নাছিল আজিৰ দৰে হীন-বীৰ্য্য হ’ই
দাসত্ব শৃঙ্খলেৰে আবদ্ধ অসম।
আছিল গোটেই জাতি মুকলিমূৰীয়া,
নিজৰ ভৰিত নিজে থিয় দিব পৰা
শিল্প, জ্ঞান, বিজ্ঞানত, সাহিত্য, চৰ্চ্চাত,
শাসনত, সমৰত অসমীয়া জাতি
জিলিকি আছিল তুলি সমুন্নত শিৰ৷
আছিল সবাৰে মন্ত্ৰ প্ৰাণতো অধিক
চেনেহী জনম-ভূমি অসমা অসম।
পৰিছিল জঁপিয়াই শত্ৰুৰ আগত,
কৰিছিল লৌহিত্যৰ লোহিত সলিল
জননীৰ আক্ৰমণকাৰীৰ তেজেৰে।
তেতিয়াৰ নাৰীয়েও একে ৰাতিতেই
স্বামীক দিছিল ব’ই কৱচ-কাপোৰ,
পিন্ধি গ’লে যাক,— আছিল বিশ্বাস দৃঢ়,—
নোৱাবে ভেদিব দেহা শত্ৰুৰ অস্ত্ৰই।