পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩২ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

বিপ্লবৰ অজেয় তুফান।
সেই দিন
হিয়াত কামনা ল’ই মুক্তি জননীৰ
কৰিব পাৰিম বুলি।
দাসত্বৰ শৃঙ্খল মােচন,
দিছিল সগর্ব্বে থিয় ভাৰতবাসীয়ে
বন্দুকৰ সন্মুখত
মদোন্মত্ত ক্ষিপ্ত শাসকৰ।
কৰিছিল মুক্তকণ্ঠে
ভাৰত ত্যাগৰ দাবী
কঁপাই অন্তৰ
সাম্রাজ্য-লােলুপ ৰক্তপিপাসুদলৰ।
সেই দিনা সকলো বিপ্লবী।
সেই দিনা
বনুৱা, কৃষক, নাৰী,
সকলো বিদ্রোহী।
সকলোকে লাগে স্বাধীনতা,
লাগে মুক্তি,-~
বন্ধনৰ অৱসান ।
হে বিপ্লবী !
নির্ভীক সৈনিক!