পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিয়াল্লিচৰ বিপ্লব।

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

ভাঙি-ছিঙি অজ্ঞতাৰ দুর্লঙ্ঘ্য প্রাচীৰ।
নিদিবি হবলে’ আৰু
বৰ্ব্বৰতা, নীচতাৰ পুনৰাভিনয়
পূজাৰ নামত,---
শ্রাদ্ধৰ নামত,—
ধৰ্ম্মৰ নামত,—
পুণ্যৰ নামত।

⸺⸺


বিয়াল্লিচৰ বিপ্লবী।

বিয়াল্লিচৰ বিপ্লবী!
ভাৰতৰ মুক্তি-সংগ্ৰামৰ
তােমালোক নির্ভীক সৈনিক।
বলি দি নিজৰ স্বার্থ,
কলিজাৰ কেঁচা তেজ ঢালি,
ধুৱাব খুজিলা
ভাৰতৰ কলঙ্ক-কালিমা।
বিশ চেপ্তেম্বৰ,
ৰঙ্গীন বিয়াল্লিচৰ সিও এটা দিন।
সেই দিন
নিষ্পেষিত নির্য্যাতিত ভাৰতবাসীৰ
প্রাণে প্রাণে উঠিছিল।