পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিয়াল্লিচৰ বিপ্লবী ৩৩

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

সিদিনা ওলালা তুমি জয়-যাত্ৰা কৰি
মুক্তি কামনা ল’ই,
সৃষ্টি কৰি বিদ্রোহ দাবানল।
সৃষ্টি হ’ল ভূমিকম্প।
বিজাতি সাম্রাজ্যবাদী দস্যুৰ বুকুত।
তথাপি আশ্রয় ল’ই
বৰ্ব্বৰতা— দমন নীতিৰ
পৰিল সিহঁত।
জপিয়াই ওপৰত অহিংস সেনাৰ,
বন্দুক কামান ল’ই।
লক্ষ লক্ষ নৰ-নাৰী, বালক-বালিকা,
বন্দুকৰ গুলিৰ আগত
সঙ্গীনৰ তীব্র আঘাতত,
বােৱাই তেজৰ ন’ই
পৰিল বাগৰি।
দোষ সিসৱৰ—
মুক্তিৰ হেপাহ,
অদম্য আকাঙ্ক্ষা এটি
মানুহ হ’বৰ,—
গােলামিৰ চিন-চাব মচি পেলাবৰ ।
সেই দিনা—
তােমালােক বিপ্লবীৰ দল