পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩০ বিপ্লবী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

পেট ভৰি খায়।
কিন্তু
ধূলিৰ লগত মিলা
অবয়বহীন
মৃতক আহিব বুলি পিণ্ড খাবলই
পাৰি জানো কৰিব বিশ্বাস?
ই যে ভ্ৰান্তি—
ব্রাহ্মণৰ ব্যৱসায় ধন ঘটিবৰ।
তাতক'ই কৰা যদি বংশ-পৰিয়াল
সকলােটি মিলি।
প্রার্থনা
মৃতকৰ শান্তিৰ কাৰণে,
হব পাৰে কিবা ফল ।
 জাগি উঠ
তৰুণ-তৰুণী-দল,
ভাঙি ছিঙি শেষ কৰ
জীর্ণ-শীর্ণ অট্টালিকা
অন্ধ বিশ্বাসৰ;
গঢ়ি ল
মনােমত নতুন সমাজ,
দূৰ কৰি
স্বার্থান্ধৰ ঘোৰ প্ৰবঞ্চনা