সমললৈ যাওক

পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পূজা  ২৯

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

পুৰোহিতে পায়
বিৰাট মজুৰি এটা।
অথচ মজুৰ হৈও
গৃহস্থক কৰে অপমান,—
নিজক ব্ৰাহ্মণ বুলি,
দিয়ে গৃহস্থৰ
মূৰত ভৰিৰ ধূলা,
ভৰি ধোৱা পানীকো খুৱায়
পৰম পবিত্ৰ বুলি।
মূৰ্খ যজমানে
কৰি যায় যি কয় ব্ৰাহ্মণে।
নহয় ইয়াতে শেষ;
আহে জাকে জাকে
ডিঙিত লগুণ লোৱা
মানুহৰ জাক,
গোন্ধতে আপুনি চাপি
দিব লাগে গৃহস্থই
ভৰিকো ধুৱাই
সিসৱকো গাইপতি একোটা মজুৰি
দয়া কৰি পদ-ধূলা দিয়াৰ বাবে
ইয়াকে কৰিলে হেনো
মৃতকে উদ্ধাৰ পায়,—