পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৮ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

 আকউ যেতিয়া
তহঁতৰ আত্মীয়-স্বজন
মিলি যায় ধূলিৰ লগত,
শেষ হয় কালৰ বুকুত,
পৃথিবীত চিন-চাব একোৱে নাথাকে,
তেতিয়া তহঁতে
শ্রাদ্ধ পাতি মৃতকক মাত খাবলই।
খাবলই দিয়
পিণ্ড নামে অখাদ্য আহাৰ—
তিল, মাহ, গাখীৰ, চাউল,
আৰু কত কি যে সানি,—
কোনেও নাখায় যাক
জীৱিত কালত।
নুবুজা ভাষাৰে
পুৰােহিত কিবা গাই যায়,
মৃতকৰ পৰিয়ালটোৰ
কোনোবা এজনে
ভাটৌৰ নিচিনাকই
কৰি যায় পুনৰ আবৃত্তি।
এয়ে শ্ৰাদ্ধ, এয়ে পূজা,
⸻অৰ্থহীন।
ইয়াৰ বাবেই