এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পূজা
⸻⸻⸻⸻
নোৱাৰে উঠিব প্ৰশ্ন
পুণ্য-পাতকৰ—ধৰ্ম্ম-অধৰ্ম্মৰ।
কৰি যোৱাঁ পাৰা মানে মহাপাপ তুমি,
খণ্ডাবা এদিন তাক
প্ৰতিমাৰ সন্মুখত জীৱ হত্যা কৰি।
হায় মূৰ্খ পূজাৰীৰ দল!
যি জনে কৰিলে বিশ্বব্ৰহ্মাণ্ড সৃজন
এটুপি তেজৰ বাবে ম’হ-ছাগলীৰ
ভাবা নে বিধাতা সেই
লালায়িত বুলি!
যিজন জগৎপতি ব্যাপ্ত চৰাচৰ,
ভাবা নে ৰাখিবা বুলি
বলেৰে সুমাই
খেৰ-বাঁহ শিলৰ মূৰ্ত্তিত?
ই যে পূজা নোহে দেৱতাৰ,
মাত্ৰ ব্যভিচাৰ, অনাচাৰ,
পূজাৰ নামত কৰা
দেৱতাৰ অপমান।
ৰাখিবি মনত
সৃষ্টিয়ে স্ৰষ্টাৰ মূৰ্ত্তি,
প্ৰকৃত পূজাৰ ঠাই হিয়াৰ মাজত,
একান্ত ভকতি মাত্ৰ নৈবেদ্য পূজাৰ।