পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৬  বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

প্রতিমা পেলাই দিয়ে পানীৰ মাজত,
ৰং যায়, ৰূপ যায়,
থাকে খেৰ-মাটি।
 ইযে ভুল, মহাভুল,
অজ্ঞতাৰ মােহ।
হোৱা হলে অন্ত ইমানতে
সিও তাে নহয় ।।
ধৰি বান্ধি কত শত নিৰীহ জীৱক
শালত সুমাই কাটি,
তেজেৰে ৰঞ্জিত কৰ
পূজাৰ মণ্ডপ৷
প্রতিমাৰ সন্মুখত
তেজটুপি ৰাখি।
মঙ্গহেৰে কৰ পেট পূজা।
এয়ে নেকি ধৰ্ম্ম সনাতন ?
এয়ে নেকি স্বৰ্গৰ সোপান ?
এয়ে নেকি পূজা দেৱতাৰ ?
এয়ে যদি পুণ্য হয়
পাপ বোলে কাক ?
জীৱ হত্যা কৰিলেই
যদি পুণ্য হয়,