পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পূজা

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

প্রতিমা নির্ম্মাণ কৰ
মানুহৰ আকৃতিৰ।
পিন্ধায় কেডালমান
কমদামী বজৰুৱা অলঙ্কাৰ,
ফিৰফিৰীয়া চিল্কৰ কাপােৰ।
তাকো
নিজে তো নকৰ পূজা।
পূজাৰ সম্পূৰ্ণ ভাৰ দিয় ব্রাহ্মণক;
দিয় বেচ তাৰ বাবে
প্রকাণ্ড মজুৰি এটা।
বহু সময়ত
পাহৰ সেৱাৰ কথা,
নাপাৱ আজৰি
চাবলকো প্রতিমাৰ মুখ ;
পূজা কৰি যায় মাথো মজুৰ ব্ৰাহ্মণে৷।
নহয় সি পূজা অন্তৰৰ।
ধনৰ লোভত
পূজাৰীয়ে কৰে ব্যৱসায় ;
মাতে কিছুমান
অশুদ্ধ পূজাৰ মন্ত্র
অর্থ তাৰ নুবুজে নিজেই
ইমানতে হয় পূজা শেষ,