পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৪ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

তাৰ বাবে
কৃতজ্ঞতা প্রকাশৰ
হব পাৰে এই আয়োজন।
এনেয়েতো সিও অর্থহীন।
কিন্তু
তহঁতে মুখেৰে কৰি
সভ্যতাৰ গৌৰৱ প্ৰচাৰ
কৰ প্ৰাণ-হীন শিল পূজা !
কৰ মৰ্ম্মৰৰ—প্রাণহীন মৰ্ম্মৰৰ
মূর্ত্তি পূজা।
আৰু মাত দেৱতাক খাবলই
নৈবেদ্য সজাই থােৱা কল-পটুৱাত।
দেখি তহঁতৰ
জীৱ-শ্রেষ্ঠ মানৱৰ
মাটি-পূজা—
শিল-পূজা
হাঁহি উঠে;
ঘিণ লাগে।
আকৌ
লগাই লয় বাঁহ, খেৰ, মাটি,
তাৰ ওপৰত--
ৰঙৰ প্রলেপ সানি