পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পূজা

⸺⸺⸺⸺

নাজাগে শিলৰ প্রাণ।
গুচি আহ পূজাৰীৰ দল,
জাগে বুলি শিলৰ মৰম
নাথাকিবি প্রতীক্ষাত ;
নকৰিবি সময়ৰ অপব্যৱহাৰ।
নিদিবি চিনাকি আৰু নিজ অজ্ঞতাৰ।
আদিম যুগৰ সেই
কুন্ধচ সভ্যতা—
শিল পূজা, মাটি পূজা
আজিও জীয়াই ৰাখি
নকৰিবি সভ্যতাৰ অপমান।
তহঁতেই হাঁহ
পাহাৰী জাতিৰ
গছ-পূজা সাপ-পূজা দেখি৷
কিন্তু তহঁতৰ
শিলৰ পূজাতকই
অর্থযুক্ত
বনস্পতি-পূজা।
নাপালেও আশীৰ্ব্বাদ
গছৰ পূজাত,
পাই যি গছৰ পৰা লাভ, উপকাৰ,