পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তাজমহল

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

হাড় ভাঙি ঘটা ধন নিৰীহ প্ৰজাৰ ?
ই যে অপব্যয় স্বেচ্ছাচাৰী সম্রাটৰ ।
সম্রাট লুণ্ঠনকাৰী ৰাজ-ভঁৰালৰ,—
প্রজাৰ ধনৰ ;
উৎকট নিদর্শন সাম্রাজ্যবাদৰ।
যিমানে সহানুভূতি জাগক প্রাণত
সম্রাটৰ প্রতি,
তথাপি ক্ষমাৰ যােগ্য নােহে আচৰণ
প্ৰজাৰ লুণ্ঠনকাৰী দিল্লী-সম্রাটৰ ।
 যদিওবা আজি নাই মােগল-সম্রাট
বাদচাহ ছাহজাহান,
আছে বহু “বাদছাহ কা দোস্ত”।
সিসবেও তেজ চুহি নিঃকিন চহাৰ
দুই-হাত ভাঙে ধন ভোগ-বিলাসত;
কদাপিও দুখীয়াক উলটি নাচায়।
গঢ়িব লাগিব আজি এনে এটি যুগ
কোনেও বলৰে যাতে দুৰ্ব্বলক লুটি
নােৱাৰে পূৰাব স্বার্থ,
জঘন্য বিলাস;
তাজমহলত,--
শ্মশান-শালিত
নােৱাৰে কৰিব লয়