পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২০ বিপ্লবী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

স্থাপন কৰিব কিবা
শিক্ষাৰ আলয়,
নতু শিল্প-প্রতিষ্ঠান, চিকিৎসা-ভবন।
তেতিয়াও ৰক্ষা কৰি বেগমৰ স্মৃতি
প্রজাৰ ধনেৰে
পাৰিলেহেতেন সাধিব প্ৰজাৰ হিত।
কিন্তু তাৰ বাদছাহে একো নকৰিলে।
ক্ষমতাৰ বল ল’ই
বলী হ’ই পাশৱ বলেৰে
লুটিলে প্ৰজাৰ ধন,
ভাঙিলে অকল।
বিলাস-বাসনা পূর্ণ কৰিবৰ হেতু।
হয়তো মাধবী নিশা।
স্বপ্নত বিভােৰ হ’ই মােগল সম্রাটে
জোনাকে বুৰাই থোৱা তাজমহলৰ
অপৰূপ ৰূপ-ৰাশি চাই,
দেখিছিল তাতে
অপৰূপ সৌন্দর্য্য প্রিয়াৰ৷
অথবা পেলাইছিল হুমুনিয়া কাঢ়ি
দুটোপাল তপত চকু-লাে।
কিন্তু
সেয়ে জানাে সজ ব্যৱহাৰ