পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২২  বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

নিষ্পেষিত নির্য্যাতিত
কৃষকৰ, বনুৱাৰ
আর্জ্জিত সম্পদ।
সেই যুগ আহিব কেতিয়া ?

⸺⸺

পূজা।

পূজা—
কাৰ পূজা পাতিলি তৰুণ ?
কাৰ পূজা পাতিলি তৰুণী ?
পাষাণৰ !
হায় দুৰ্ভগীয়া !
ই যে এডোখৰ শিল,
বাটে বাটে পৰি থকা
শিলৰ দৰেই।
প্রাণহীন এডােখৰ শিল।
পাবি জানো।
পূজিলে শিলক
সত্যৰ সন্ধান ?
হিয়াৰ ভকতি ঢালি
জ্বালি ধূপ-দীপ,
জনালেও অন্তৰৰ কাতৰ মিনতি