পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তাজমহল

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

তেজৰ কণিকাবােৰ
দীন-দুখীয়াৰ
কৰ বুলি গােটাই গােটাই
ভঁৰালত দ’ম কৰি,
তাৰেই সাজিলে এই সমাধি-মন্দিৰ।
নিজৰ কল্পনা এটি,
—নিজৰ হেপাহ—
পূৰাবৰ হেতু
কৰিলে প্ৰজাৰ ধন
অপব্যয় নিজৰ ইচ্ছাত।
জীৱনত কৰি ভােগ
মৰণতো নেৰিলে বিলাস
চকু মেলি নাচালে এবাৰ
প্ৰজাৰ কি হাহাকাৰ,
ক্ষুধিতৰ কিবা আর্ত্তনাদ।
কোন অধিকাৰৰ বলত
দিলে হাত প্রজাৰ ধনত ?
অকল নিজৰ স্বাৰ্থ পূৰাবৰ গুণে
প্রেতৰ বিলাস-কক্ষ কৰিলে ৰচনা ?
নাসাজি কবৰ,
পাৰিলেহেতেন
তাজ বেগমৰ নামে