পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৮ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

মুগ্ধ হয় কোনাে জন;
কোনো জনে কাঢ়ে হুমুনিয়া।
কিন্তু
যেতিয়া এবাৰ ভাবোঁ
কত কোটি কোটি টকা ৰাজ-ভঁৰালৰ
লয় গ’ল এজনৰ এটি কবৰত,
তেতিয়াই হই উঠে বিদ্রোহী অন্তৰ।
কাৰ টকা ?
ৰজাৰ নহয় ধন ৰাজ-ভঁৰালৰ ।
ই যে ভাৰতৰ কৃষকৰ
পেলাই মূৰৰ ঘাম,
হাড় মাটি কৰি,
পানী কৰি তেজ
ঘটা ধন৷
ছাহজাহান ৰখীয়া মাথোন।
সেই ধন
দেশ ৰক্ষা, স্বাস্থ্য ৰক্ষা শিক্ষাৰ প্ৰচাৰ
আৰু নানা হিতৰ কাৰণে
অনাহাৰী, অজ্ঞ, ৰোগী
নিঃকিন প্রজাৰ।
কিন্তু
কি কৰিলে মােগল সম্রাটে ?