পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তাজমহল

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

তেতিয়াহে হব সুগঠিত
মানৱ-সমাজ
বিপ্লবৰ মাজেদিহে গুচিব বিপ্লব।

⸻⸻

তাজমহল

তাজমহল—
প্ৰেমৰ সমাধি।
প্রেয়সীব বিৰহত
মর্ম্মাহত প্রেমিকৰ
কলা কলিজাৰ
নিগৰি ওলােৱা
এটোপাল ৰঙা তেজ,
গোট মাৰি আছে চেঁচা হ’ই
সুদৃশ্য মৰ্ম্মৰ ৰূপে—তাজ ৰূপে,
বিশ্বত প্ৰচাৰ কৰি
প্ৰণয়ৰ গৌৰৱ-কাহিনী।
তাজমহল—
কীর্ত্তি-স্তম্ভ ছাহজাহানৰ,
মূৰ্ত্তিমান শোকৰ কবিতা।
শুনি তাত সম্রাটৰ
বিয়াকুল অন্তৰৰ বিৰহৰ সুৰ