পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৬  বিপ্লবী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

পশু নে মানুহ তাৰ
চিন হেৰুৱাই
কটায় যিবােৰে কাল,
হওঁ আমি
সিহঁতৰ লগৰীয়া।
শিক্ষাৰ পােহৰ
এছাটি পেলাই দিওঁ
সিহঁতৰ আন্ধাৰ হিয়াত
দূৰ কৰি হীন মনোবৃত্তি
দূৰ কৰি অন্ধ বিশ্বাস,
কুসংস্কাৰ থ’ই নিলগাই,
শিক্ষা দিওঁ-সিহতো মানুহ।
মানুহৰ ৰীতি-নীতি,
মানুহৰ উচিত মৰ্য্যাদা
উঠক সিহঁতে বুজি।
নােৱাৰিব মালিকেও
গচকত ৰাখিব তেতিয়া;
বাধ্য হ’ব দিবলৈ সিহঁতৰ ভাগ৷
সিহঁতাে মানুহ হ’ব !
তেতিয়াহে পৃথিবীয়ে বৰণ সলাব,
তেতিয়াহে ৰাইজেই হ’ব ৰজা।
তেতিয়াহে নৰব ভিক্ষুক,