পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻


অস্পৃশ্য, ঘৃণিত কোনো নাথাকিব আৰু
আমি গঢ়া নতুন ৰাজ্যত।
নাথাকিব কোনো বাধ্য হই
দাৰিদ্ৰ্য বৰণ কৰি
ধনীৰ পূজাত
আমি বিপ্লবীৰ দলে
ভেদৰ প্ৰাচীৰ ভাঙি।
সভ্যতাৰ মথিম সাগৰ;
অমৃতেৰে ঢৌৱাম জগত।
বিপ্লবী আমি,
যিমানে আহক বাধা নকৰোঁ ভ্ৰূক্ষেপ;
সমদলে যাম আগ বাঢ়ি
আঁতৰাই বাধা-হিমাচল।
সুনিশ্চিত আমাৰেই জয়,
অন্যায়ৰ ঘোৰ পৰাজয়।
বিদ্ৰোহী আমি,
বিপ্লবী আমি,
নতুন পৃথিবী গঢ়োঁতা আমি।
আমি যাম আগ বাঢ়ি,
খোজত মিলাই খোজ
জয়ৰ পথেদি,—
ন্যায়ৰ পথেদি,—
বিপ্লবৰ পথেদি।