পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভিক্ষুক৷

ভিক্ষুক সি।
সঙ্গী তাৰ এখনি জোলােঙা,
গাত এডােখৰ ফটা কানি,
কৰে, তাৰে লজ্জা নিবাৰণ।
হাতত সম্বল মাত্র লাখুটি এডাল
জীৱনৰ শেষ লগৰীয়া।
অনাহাৰ-অনিদ্রাত
দেহা তাৰ তেনেই দুৰ্ব্বল ;
জকাটি হে অৱশেষ।
এদিন আছিল তাৰ দেহাত শকতি ;
কৰিছিল কাম
কোনাে এটি কাৰখানাত।
কিন্তু তাৰ শিক্ষা নাই,
নুবুজে স্বাস্থ্যৰ নীতি।
অলপ বানচ পাই,
তাকে দিয়ে উৰুৱাই
ৰাগী লগােৱাত;
দুবেলা দুসাজ ভাতো নিমিলে ভাগ্যত।
নুবুজিলে ভুল তাৰ,